এখন নাটকৰ নাটক

পুলক জ্যোতি শৰ্মা

সন্ধিয়া সময়ত যেতিয়া বিদ্যুতৰ ব্যৱহাৰ বেছি হয় ঠিক তেনেসময়তে জেনেৰেটৰৰ ইঞ্জিনটোৱে লোড টানিব নোৱাৰা হয় , সেয়ে সন্ধিয়াৰ আগতেই ২নং জেনেৰেটৰটোত লোড দি ১নং জেনেৰেটৰটো তেওঁলোকে বন্ধ কৰিবলগীয়া হয় – এইবুলি খবৰ দিলে দুলিয়াজান-বাৰাউনী খাৰুৱা তেল পৰিবাহী পাইপলাইনৰ ৯নং পাম্প ষ্টেচনৰ ইনচাৰ্জ ইঞ্জিনিয়াৰজনে ৷ পাইপলাইনৰ বংগ-বিহাৰ অংশৰ সকলো মেকানিকেল যন্ত্ৰ পৰিপালনৰ দা্যিত্বত থকা ইঞ্জিনিয়াৰ হিচাবে কামটো কিছু সুক্ষ্ম বুলি অনুমান কৰি দুজন সহায়কাৰী লগত লৈ পাম্প ষ্টেচন ৮ৰ পৰা মই নিজেই ৰাওনা দি আবেলি পৰত ডুমৰ পালোগৈ আৰু তৎকালেই ইঞ্জিনটোত উঠি কাম আৰম্ভ কৰিলোঁ ৷

সকলো চাইচিতি শেষত ইঞ্জিনৰ গৱৰ্ণৰটোত কিছু এডজাষ্টমেন্ট কৰাৰ পিচত য়েতিয়া জেনেৰেটৰটোৱে সন্ধিয়া সম্পূৰ্ণ লোড লব পৰা হ’ল তেতিয়া ইঞ্জিনটোৰ পৰা জখলাৰে নামি আহি পকী মজিয়াত থবলৈ বুলি সোঁভৰিখন যেই নমালোঁ তেতিয়াই ঠিক সেইঠাইতেই কোনোবাই কিছুপৰৰ আগতে, কি উদ্দেশ্যে নেজানো, ঢাকনিখন উঠাই নি উন্মুক্ত কৰি ৰখা কেবলট্ৰেন্সত ভৰিখন সোমাই গ’ল আৰু মানুহটো থিয়ৈ থিয়ৈ ট্ৰেন্সৰ ভিতৰত সোমাই পৰিলোগৈ ৷ একো বিশেষ দুখপোৱা যেন অনুভৱ নকৰিলোঁ আৰু সহায়কাৰী এজনৰ হাতত ধৰি বগুৱাবাই ওপৰলৈ উঠি আহিলোঁ ৷ কিন্তু উঠি আহি মজিয়াত পোনকৈ থিয় দিবলৈ চেষ্টা কৰোঁতেই সোঁভৰিটোত কেটেককৈ শব্দ হোৱা যেন লাগিল আৰু মূৰলৈকে জিনজিনাই গ’ল ; ভৰিটোত প্ৰচণ্ড বিষ অনুভৱ হ’ল ৷ থিয়দি থাকিব নোৱাৰি বহি পৰিলোঁ ৷ কাষত থকা কেইজনে ধৰিমেলি জেনেৰেটৰ হাউচৰ পৰা মূকলিলৈ নি চকী এখনত বহুৱাই দিলে ৷ ভৰিটো ফুলি উঠাৰ ধৰণ আৰু বিষৰ প্ৰকোপলৈ চাই হাড় ভগা বুলিয়েই অনুমান হ’ল ৷ ষ্টেচন ইনচাৰ্জ শ্ৰীৱাস্তবে ততাতৈয়াকৈ ডাক্তৰ মাতি আনিলে ৷ কুৰচেলা নগৰৰ পৰা অহা ডাক্তৰে লক্ষণ দেখি হাড় ভগা বুলিয়েই নিশ্চিত হ’ল আৰু পূৰ্ণিয়াৰ চিকিৎসালয়ত লগেলগে ভৰ্তি হ’বলৈ ক’লে ৷

তেতিয়া আমি প্ৰথম সন্তানৰ অপেক্ষাত ৷ সন্তানসম্ভৱা পত্নী পাম্প ষ্টেচন ৮ সোণাপুৰত কোম্পানীৰ আৱাসত ; ঘৰৰ মানুহ সকলো বহুদূৰত গুৱাহাটীত ৷ সহকৰ্মীসকল আৰু তেওঁলোকৰ পৰিয়ালবৰ্গই সকলোধৰণৰ সহায়-সহযোগ কৰিলেও পত্নীক তেনে অৱস্থাত চিন্তাত বুৰাই ৰখাটো কোনোপধ্যে উচিত নহয় ৷ তাৰোপৰি মোৰ ধাৰণা যে পূৰ্ণিয়াতকৈ শিলিগুড়ীত চিকিৎসাৰ ব্যৱস্হা উন্নত ৷ সেয়ে মই ডাক্তৰজনক যেনেতেনে সোণাপুৰলৈ গৈ শিলিগুড়ীৰ চিকিৎসালয়তহে ভৰ্তি হ’ম বুলি ডাঠি ক’লো ৷ গতিকে ডাক্তৰজনেও ভৰিটোত তিনিটামান বেজী দি সোণাপুৰলৈ যাবলৈ অনুমতি দিলে ৷ সেয়ে কেইবাজনেও ধৰাধৰিকৈ মোক এম্বেচেদৰ গাড়ীৰ পিচৰচিটত দুটামান গাৰুত আওজাই আধাশোৱা যেনকৈ বহুৱাই দিলে ৷ আগচিটত চালকৰ সৈতে বাটত অসুবিধা হ’লে সহায় কৰিবলৈ আৰু দুজন উঠিল ৷ চাৰেসাত আঠমান বজাত ডুমৰৰ পৰা আমি ৰাওনা দিলোঁ ৷ ভগাচিগা হাইৱেত তেতিয়া ডুমৰৰ পৰা সোণাপুৰলৈ প্ৰায় পাঁচঘণ্টা লাগে ৷ ভৰিত বিষ, পেটত ভোক আৰু বেজীৰ প্ৰভাৱতে চাগে, বমি বমি ভাবেৰে লাহে লাহে আহি দুপৰ ৰাতি সোণাপুৰৰ আবাস পালোঁ ৷ ঘৰৰ ভিতৰে বাহিৰে খবৰ লবলৈ ৰৈ থকা বহু মানুহ দেখিলোঁ ৷ ফোন কৰি ভৰিত অলপ দুখ পোৱা বুলি খবৰ দিয়া স্বত্বেও কান্দিকাটি বাউলি হোৱা পত্নী মালাক কেইবাগৰাকী মহিলাই বেঢ়িলৈ বহি আছে ৷ মোৰ বন্ধু কোম্পানীৰ চিকিৎসক ডঃ ফুকনে সকলোকে ঘৰলৈ যাবলৈ ক’লে আৰু দুজনমানৰ সৈতে ভিতৰলৈ নি মোক পৰীক্ষা কৰি চিন্তাৰ কোনো কাৰণ নাই বুলি কৈ ভালদৰে শুবলৈ ক’লে আৰু আশ্বাস দিলে যে শিলিগুড়ীৰ চিকিৎসালয়লৈ তেওঁ নিজেই মোক লৈ যাব ৷

পাচদিনা কিবা কাৰণত চিকিৎসালয়লৈ যোৱা নহ’ল ৷ তৃতীয়দিনা এম্বুলেন্সত ড: ফুকনে লৈ গ’ল ৫০ কিলোমিটাৰ দূৰৰ শিলিগুড়ীৰ নাৰ্চি হোমলৈ, লগত মালাও ওলাল ; তাত এক্সৰে কৰি হাড় ভগা বুলি নিশ্চিত হৈ ৰাতি অপাৰেশ্বন কক্ষত সংজ্ঞনাশক দি ড: মহপালে ভগাঠাইত হাড় মিলাই লৈ কৰঙনৰ পৰা সৰুগাঁঠিলৈকে সোঁভৰিটো প্লাষ্টাৰ কৰি দিলে আৰু কমেও চাৰি মাহ তেনেকৈ থাকিব লাগিব বুলি ক’লে ৷ পাচদিনা নাৰ্চিংহোমতেই থাকিবলৈ কৈছিল যদিও ডাক্তৰক কৈ-মেলি আবেলিপৰত এম্বুলেন্সত উঠি সোণাপুৰলৈ উভতিহে শান্তি পালোঁ ৷

ডাক্তৰৰ পৰামৰ্শ অনুসৰি বেছি লৰিচৰি নুফুৰি ঘৰতে বহিলোঁ ; সদাই সন্ধিয়াপৰত কোনোবা নহয় কোনোবা আহে খৰব লবলৈ ৷ আন কথা পাতিবলৈ চেষ্টা কৰোঁ কিন্তু শেষত কেনেকৈ ট্ৰেণ্সত পৰি ভৰিটো ভাগিল সেই কাহিনী কব লগা হ্য়গৈ ৷ কাহিনী শুনাৰ পিচত চিনাক্ত নোহোৱা সেই ট্ৰেন্সৰ ঢাকনিখন আঁতৰাই থোৱা মানুহজনক উদ্দেশ্যি খবৰ লবলৈ অহাৰসকলৰ কটুক্তি , চাহ জলপান খোৱা এনেদৰেই ৰাতি নমান বাজেগৈ ৷ পোন্ধৰদিনমান তেনেকৈ যোৱাৰ পিচত চাটিফুটি লাগিবলৈ ধৰিলে ৷ পাইপলাইনেৰে অহৰ্নিশে তেল সৰবৰাহত চলি থকা পাম্প, জেনেৰেটৰ আৰু আনুসঙ্গিক যন্ত্ৰপাতিবোৰ নিয়াৰিকৈ ৰখাৰ বাবে উত্তৰবঙ্গৰ আলিপুৰদুৱাৰৰ ওচৰৰ পৰা বিহাৰৰ বাৰাউনীলৈকে বিভিন্ন আস্থানবোৰলৈ সঘনাই গৈ থকা, আবেলিৰ পৰা সন্ধিয়াৰ পাচলৈকে খেলাধূলা আৰু সামাজিক কামত ব্যস্ত হৈ থকা মানুহটোৰ বাবে তেনেকৈ বহি থকাটো অসহনীয় হৈ পৰিল ৷ মালায়ো আবেলি পৰত অলপ খোজকঢ়াৰ পৰিবৰ্তে সন্ধিয়াৰ অতিথিক আপ্যায়নৰ বাবে পাকঘৰতে সোমাই থাকিবলগীয়া অৱস্হা হ’ল ৷ গুৱাহাটীৰ পৰা পৰিয়ালৰ কোনোবা নহয় কোনোবাই মাজে মাজে আহি আমাৰ খবৰ লৈ গ’ল ৷

ডাক্তৰৰ পৰামৰ্শমতে গুৱাহাটীৰ হেডকোৱাৰ্টাৰৰ পৰা অফিচত যোগদান কৰাৰ অনুমতি দিলে এই চৰ্তত যে মাজতে ভাতখোৱাৰ ছুটী নোলোৱাকৈ সাত বজাৰ পৰা বিয়লি দুই বজালৈকে ষ্ট্ৰেইট চিস্ফট নিয়মত অফিচত কাগজপত্ৰ, কামৰ পৰিকল্পনা আদি ঠাইতে বহি কৰিব পৰা কামবোৰ কৰিব পাৰিম ৷ সেইমতে মোৰ বিশ্বস্ত গাড়ীচালক ৰাজকুমাৰৰ সহায়ত অফিচলৈ অহাযোৱা আৰম্ভ কৰিলোঁ ৷ কিন্তু আবেলিৰ পৰা ৰাতিলৈকে বহি বহি কিতাপ আৰু বাতৰি কাকত পঢ়া আৰু টিভি চোৱাই কাম ৷ শুভাকাঙ্খীৰ ভিৰ দিনযোৱাৰ লগে লগে কিছু কমিলেও সমনীয়া বিষয়াসকলে আৰু মহিলাসকলে প্ৰায়েই মাত দি যায় আৰু সন্ধিয়া সঙ্গ দিবলৈ বুলি মোৰ বিভাগৰ কৰ্মচাৰীৰ কোনোবা নহয় কোনোবা আহেই , প্ৰায়ে দুজন বা তিনিজন গোট বান্ধি আহে ; ওচৰৰ গাঁৱৰ চিনাকি মানুহো দুই-চাৰিজন আহে ৷ সন্ধিয়াপৰত কেৰেংকৈ পদূলিৰ লোহাৰ গেটখন খোলাৰ শব্দ শুনিলেই মই মালাক কওঁ –“খালত পৰি ভৰি ভগাৰ কাহিনী আকৌ ক’বৰ সময় হ’ল ৷” মালা্য়ো “যাওঁ লুচি বেলোগৈ” বুলি পাকঘৰমুৱা হয় ৷ ঠাইখনো এনে আওহতীয়া যে পৎকৰে মিঠাইৰ দোকানৰ পৰা কিবা কিনি আনি আলহী সুধিবলৈ একো সুবিধা নাই , সকলো আনিব লাগে ৫০ কিলোমিটাৰ দূৰৈৰ শিলিগুড়ীৰ পৰা ৷

এইদৰে ডেৰমাহমান পাৰ হ’ল ৷ এদিন সন্ধিয়া খবৰ লবলৈ অহা মোৰ বিভাগৰে কৰ্মচাৰী দীনবন্ধু দে আৰু শান্তিৰঞ্জন পালক কথাৰ মাজতে ক’লোঁ,-“বলক নাটক এখন কৰোঁ ১৫ আগষ্টত ৷” তেওঁলোক উচপ খাই উঠিল,-“নাটক ? এই ভাঙা পা নিয়ে ?” মই ক’লোঁ,-“পাটোহে ভাগিছে মনটো ভগা নাই নহয় ৷”

-“তবু ! সেটা উচিত হবে কি ?” তেওঁলোকৰ সন্দিহান প্ৰশ্ন ৷

-“অফিচলৈ দেখোন মই গৈয়েই আছোঁ , নাটকলৈয়ো যাব পাৰিম ৷ আৰু মই অভিনয় নকৰোঁ নহয়, বহি বহি পৰিচালনাহে কৰিম ৷ ৰাজকুমাৰৰ লগত ক্লাবলৈ যাম , তাতে বহিম , আপোনালোকে পাল পাতি ঘৰৰ পৰা লৈ আহিব চাহ, পকৰি, লুচি-ভাজি ; খাই খাই সকলোৱে নাটকৰ ৰিহাৰ্চেল কৰিম ; সন্ধিয়াটো বেছ ভালকৈ পাৰ হ’ব ৷”

-“কথাটা ত ভালই বটে ৷”

-“কি ভালই বটে, কথাটো ভাল ৷ আপোনালোকেই দেখোন কৈয়েই থাকে বোলে আগৰ দৰে পৰিৱেশ ক’লনীখনত নাই, নাটক-চাটক বহু বছৰ ধৰি হোৱাই নাই ৷ ১৫ আগষ্টলৈ এতিয়াও ডেৰমাহ আছে , নাটক এখনৰ অনুশীলনৰ বাবে সে্য়া যথেষ্ট সময় ৷ নাটক হ’ব বুলি ক’লে ল’ৰা-ছোৱালীহঁতৰ নাচ-গান আদিৰ প্ৰগ্ৰেমো ওলাব ৷ নাটকৰ আলমত ভাল ফাংচন এখনেই হ’ব ৷ এবাৰ আৰম্ভ হ’লেই পুণৰ আগৰ পৰিৱেশ ঘূৰি আহিব ৷”

দে আৰু পাল দুয়োজনেই উৎসাহিত হ’ল ৷

-“আপোনালোক দুজনেই ক্লাবৰ লাইব্ৰেৰীৰ পৰা নাটকৰ কিতাপ কেইখনমান মোক আনি দিয়ক ; পঢ়িলৈ মই মঞ্চস্থ কৰিবলগীয়া নাটকৰ বাচনি কৰিম ৷”

পাচদিনা তেওঁলোকে পাঁচখন নাটকৰ কিতাপ মোক আনি দিলে ৷ ময়ো নাটক বাচনিৰ বাবে পাঁচদিনৰ সময় ল’লোঁ ৷ প্ৰথমেই পঢ়িলোঁ বঙ্গৰ বিখ্যাত নাট্যকাৰ মনোজ মিত্ৰৰ এখন পূৰ্ণদৈৰ্ঘ্য নাটক – ককা, নাতি আৰু নাতিৰ সমনীয়া পাৰাৰ ল’ৰা-ছোৱালী এজাকে কৰা সৰস্বতী পূজাৰ আ্য়োজনৰ এক বৰ্ণিল আৰু মনপৰশা প্ৰতিচ্ছবি ৷ নাটকখন দুদিনত অসমীয়ালৈও ৰূপান্তৰ কৰিলোঁ ৷ পিচে নাটকখন থলোঁ সৰস্বতী পূজাত সৰু ল’ৰা-ছোৱালী এজাকক লৈ কৰিবলৈ ৷ আন নাটককেইখনো পঢ়ি থিৰাং কৰিলোঁ যে যিহেতু ভালেমান দিনৰ বিৰতিত নাটক এখন হ’ব গতিকে কিছু খুহুটীয়া ধৰণৰ পয়চল্লিছ মিনিটমানত হোৱাকৈ এখন একাঙ্কিকাই বাচনি কৰাটো যুগুত হ’ব ৷ সেইমতে বাছনি কৰিলোঁ কিছু পুৰণি এখন একাঙ্কিকা নাটক ‘বসন্তেৰ বিপদ’ ৷ নাটকখনৰ বিষয়বস্তু হ’ল বৃহৎ এলেকাজুৰি বসন্ত মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে , চৰকাৰৰ মানুহে বসন্তৰোগী থকা ঘৰ বিচাৰি আচুতীয়াকৰণ কৰিছে, বসন্তৰোগীক ষ্ট্ৰেচাৰত উঠাই চিকিৎসালয়লৈ নিছে, বসন্তৰ প্ৰতিষেধক দিছে আৰু তাৰ মাজতে মহামাৰীৰ পৰা তেতিয়াও নিৰাপদে থকা বসন্ত নামৰ নিৰহ-নিপানী গঁঞালোক এজনৰ পৰিয়ালৰ বসন্ত নামটো লৈ অথন্তৰ ৷ চৰকাৰৰ দলে “বসন্ত বসন্ত” (অৰ্থাৎ আপোনালোকৰ ঘৰত কাৰোবাৰ বসন্ত হৈছেনেকি) বুলি তেওঁৰ দুৱাৰত খটখটাইছে আৰু তেওঁৰ পত্নীয়ে দুৱাৰখন অকণমানকৈ ফাঁককৰি কৈছে,-“বসন্ত নেই ৷”(অৰ্থাৎ আমাৰ ঘৰত কাৰো বসন্ত হোৱা নাই)৷ পিচচোতালৰ পৰা বসন্তই দুৱাৰত কোনোবাই খটখটোৱা শুনি আহি পাইমানে দলটো আন এঘৰলৈ গ’লগৈ ৷ বসন্তই ঘৈণীয়েকক ডবিয়াই উঠে –“তুমি কি ৰকম লোক ৰে ? আমি জলজ্যান্ত লোকটা ভেতৰে আছি আৰ তুমি বলচ বসন্ত নেই !” এনেধৰণৰ কিছু খুহুটীয়া আৰু কিছু গহীন সংলাপৰ নাটক , ভালকৈ কৰিব পাৰিলে উপভোগ্যই হ’ব ৷

তাৰপাচত আহিল চৰিত্ৰ অনুযায়ী অভিনেতা নিৰ্বাচনৰ পাল ৷ কোনে কোনেনো আগতে অভিনয় কৰিছে ভালকৈ নেজানো , সেয়ে নিজৰ অনুমানৰ ভিত্তিতেই অভিনেতাসকলক বাচি লবলৈ ঠিক কৰিলোঁ ৷ মূল চৰিত্ৰ বসন্তৰ বাবে নাটকখন পঢ়ি থাকোতেই ঠিক কৰিলোঁ দীনবন্ধু দেক ; অতি সহজ-সৰল প্ৰকৃতিৰ মানুহজন চৰিত্ৰটোত খাপখাই পৰা ধৰণৰেই , তাৰোপৰি তেনে চৰিত্ৰ ৰূপায়নৰ বাবে তেওঁৰ এক স্বাভাৱিক অভিনয় প্ৰতিভা থকা বুলিয়েই মোৰ অনুভৱ হ’ল ৷ বাকী মূল চৰিত্ৰকেইটাৰ বাবে চৰিত্ৰত খাপখোৱা ধৰণৰ স্বাভাৱিক চেহেৰা আৰু সাধাৰণতে কথাবতৰা কোৱা আৰু চালচলনৰ ধৰণকৰণৰ ভিত্তিত নিৰ্বাচন কৰিলোঁ শান্তিৰঞ্জন পাল, ৰমনীৰঞ্জন ঘোষ, দেৱকান্ত বৰুৱা, সুনীল বৰুয়া আৰু পিযুস দত্তক আৰু বসন্তৰ পত্নীৰ চৰিত্ৰৰ বাবে এগৰাকী হাইস্কুলত পঢ়া ছোৱালীক ৷ আটাইকেইজনকে ঘৰলৈ মাতি আনি কথাখিনি ক’লোঁ আৰু পাচদিনাৰ পৰা সন্ধিয়া নাটকৰ অনুশীলনলৈ যাতে সকলো আহে তাৰবাবে অনুৰোধ কৰিলোঁ ৷ কাৰো কোনো আপত্তি নাই , আহ্লাদিত হৈ কেউজন ঘৰাঘৰি গ’ল ৷

-“শৰ্মাচাৰ আমাদেৰকে নিয়ে নাটক কৰাচ্ছে ৷” – বাতৰিটো মূহুৰ্ততে কলনীখন আৰু কলনীৰ গেটতে থকা বজাৰখনত বিয়পি পৰিল ৷ পাচদিনা অফিচত ওন্দোলোৱা মুখেৰে কেবাজনেও আহি আপত্তি কৰিলে,-“ময়োতো আগতে নাটক কৰিছোঁ , মোৰ নামটো নুঠিল দেখোন৷” –“আমাৰো নাটকেৰ চখ আছে, চাৰ যদি একবাৰ আমাৰে জিজ্ঞাস কৰতেন ৷” – “চাৰ নাটকে ত আমাৰ ভীষণ ৰাপ , দেখেন ত যদি একটা চৰিত্ৰ হয় আমাৰ জন্য ৷” বেয়াও লাগিল--ইমান আশা মানুহকেইজনৰ ৷ নতুনকৈ চাকৰিত সোমোৱা কমবয়সীয়া অভিযন্তা দুজনেও ভাও একোটা পোৱাৰ আশা কৰিলে ; তেওঁলোকক বুজালোঁ,-“এইবাৰ নেলাগে দিয়া , ইয়াৰ পিচত আকৌ নাটক কৰিম , তেতিয়া বিষয়াসকলৰ মাজৰ পৰাও অভিনেতা লম ৷”

সন্ধিয়া অভিনয়ৰ বাবে বাচনি কৰা কেইজনৰ উপৰিও আন ভালেমান অভিনয় প্ৰত্যাশী অনুশীলনৰ বাবে ক্লাবত উপস্হিত হ’ল ৷ সকলোকে বুজালোঁ বোলে সকলোৱে জানেই যে এখন নাটকত কেইটামানহে চৰিত্ৰ থাকে , গতিকে মঞ্চত সিমানজনেহে অভিনয় কৰিব পাৰে ; কিন্তু নাটকখন সফল কৰিবলৈ নেপথ্যত আৰু ভালেমান লোক লাগে যেনে এজন ষ্টেজ মেনেজাৰ, দুজন প্ৰম্পটাৰ, মঞ্চসজ্জাৰ বাবে এটা দল, তেনেদৰে আলোকসজ্জাৰ বাবে এটা দল, আৱহসঙ্গীতৰ বাবে এটা দল, এজন ভাল ঘোষক ইত্যাদি ৷ গতিকে বহুদিনৰ বিৰতিত মঞ্চস্থ কৰিবলৈ ওলোৱা নাটকখন যাতে সফল হয় তাৰবাবে একোটা বাব লৈ সকলোৱে সহায় কৰক ৷ ষ্ট্ৰেচাৰ কঢ়িওৱা লোক আৰু ষ্ট্ৰেচাৰত উঠিযোৱা ৰোগীৰ যিকেইটা নিৰ্বাক চৰিত্ৰৰ বাবে কাকো বাছনি কৰা হোৱা নাই তাৰবাবেও কেইজনমানে আগবাঢ়ি আহিব পাৰে ৷

উৎসাহী ডেকা কৰ্মী বাপ্পী কুণ্ডুৱে লগে লগে দায়িত্ব ল’লে মঞ্চসজ্জা আৰু আলোকসজ্জাৰ – তেওঁৰ লগত থাকিবলগাসকলৰ নামো তেঁৱেই ঠিক কৰিলে ; নতুন অভিযন্তা দুজনক সেই দুটা দলতে ৰখা হ’ল ৷ কলনীৰ দুজন কলেজীয়া ছাত্ৰই প্ৰম্পটাৰ হ’বলৈ আগবাঢ়ি আহিল ৷ তবলা, হাৰমনিয়াম আৰু গীটাৰেৰে আৱহ সঙ্গীতৰ দল এটাও পাঁচ-ছয়দিনমানৰ চেষ্টাত সংগঠিত হ’ল ৷ নাটকৰ অনুশীলন পূৰ্ণগতিত চলিল ; তাৰ লগতে থাকে বেলেগ বেলেগ ঘৰৰ পৰা অহা উৎসাহবৰ্ধক চাহ, পকৰি, চিংৰা, পুৰি-ভাজি ; দুদিনমান শ্ৰীমতী ৰামদাসে নিজ হাতে তৈয়াৰ কৰি পঠোৱা সৰু প্লেইন ডোচাও চম্বৰ আৰু চাটনিৰ সৈতে খোৱা হ’ল ৷ ষ্ট্ৰেচাৰ কঢ়িওৱা দুজনৰ এজনে মৃদু আপত্তি দৰ্শালে,–“কিছু একটা সংলাপ হৈলে পৰে ভাল হত , এমনেই আসা-যাওয়া কি অভিনয় ?” আনজনেও তাতে হয়ভৰ দিলে ৷

দেওবাৰে অনুশীলন বন্ধ থকাত আমাৰ ঘৰত খবৰ ল’বলৈ অহা বিষয়া বন্ধুকেইজনক কথাবতৰাৰ মাজতে সংলাপ লৈ ষ্ট্ৰেচাৰধাৰীৰ আপত্তিৰ কথা উনুকিয়ালোঁ ৷ খুহুটীয়া কথাৰে ৰসাল আড্ডা জমোৱা ৰয়দাই ক’লে – “পুলক ৰে , তাৰ মুখে একটা সংলাপ দি দিয়া ভাই , নাহলে তাৰ মিচেচ ঘৰে যা ঝাৰবে না – দেখ সেই শান্তিবাবু আৰ ৰমনীবাবু কি বুদ্ধি কৰে এক একটা ভাল ৰোল নিয়ে নিল , আৰ আমাদেৰ মশাই বোকা ; ষ্ট্ৰেচাৰ হাতে কৰে শুধু আসা যাওয়া , মুখে একটাও কথা নেই ; সেৰ্ফ বাড়িতে মস্তান ৷”

দু্য়োজন ষ্ট্ৰেচাৰধাৰীৰ মুখত দুই-চাৰিটা সংলাপ দি দিলোঁ ৷ তেতিয়া ষ্ট্ৰেচাৰত ৰোগী হৈ অচেতনৰ দৰে শুই যাবলগীয়া কেইজনৰ আপত্তি উঠিল,--“আমাদেৰো ত দুটো সংলাপেৰ দৰকাৰ ৷”

–“এহ্ অচেতন ৰোগীয়ে ষ্ট্ৰেচাৰত কি কথা কৈ কৈ যাব হে ; উস্ আস্ , মৰলাম গ, মাগ ৰে এনেকৈয়ে কৈ যাব আৰু ৷”

১৫ আগষ্টৰ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত শেষ প্ৰগ্ৰেম হিচাবে দৰ্শকৰ তুমুল উৎসাহৰ মাজত নাটকখন মঞ্চস্থ হ’ল ৷

নাটক আৰম্ভ হোৱাৰ আগমূহুৰ্তত দীনবন্ধু দেই ক’লে,-“আমাৰ বুকতা কাঁপছে গ ; কি ৰকম লাগছে ৷”

সুনীল বৰুয়াও ক’লে,-“আমাৰো ৰে ; পাৰব কি না চামালতে ৷”

সাহসী মানুহ ৰমনীৰঞ্জন ঘোষে তেওঁলোকক ধমক দি উঠিল,-“কিসেৰ ভয়ৰে তোমাদেৰ ? আমাদেৰ লীডাৰ ভাঙা পা নিয়ে এত কৰল আৰ তোমাদেৰ ভয় !”

উইংচৰ আঁৰত চকী এখনত বহি নাটকখন চালোঁ , প্ৰত্যেকৰে খোকোজানলগা অভিনয়েৰে নাটকখন বেছ সুন্দৰ হ’ল ; মাথো এজন ৰোগীয়ে মঞ্চত প্ৰৱেশৰ পাচতেই ষ্ট্ৰেচাৰত বহি দি দৰ্শকক মুখখন দেখুৱাই গ’ল ৷ সীমিত সুবিধাৰ মাজতে নিজস্ব ধাৰণাৰে বাপ্পী কুণ্ডু আৰু অভিযন্তা দুজনে কৰা মঞ্চসজ্জা আৰু আলোকসজ্জাও ভাল হ’ল ; আৱহ সঙ্গীতেও নাটকখন তুলি ধৰাত সহায় কৰিলে ৷

নাটকৰ শেষত পৰিচিতি পৰ্ব আৰু ফটোৰ বাবে সম্পূৰ্ণ দলটো মঞ্চত থিয় হ’ল ৷ দৰ্শকে নেদেখাকৈ পেংদুডাল আঁতৰ কৰি থৈ দুফালে দুজনৰ চেপাত পোনকৈ থিয় দিলোঁ , আগৰ শাৰীত বহাসকলৰ দুজনে প্লাষ্টাৰ কৰা ভৰিখন ঢাকি ৰাখিলে ৷ ঘোষকে প্ৰত্যেককে চিনাকি কৰি দি প্ৰত্যেকৰে কামৰ ভূয়সী প্ৰশংসা কৰিলে ৷ ‘ভাঙা পা নিয়ে’ নাটকত অগ্ৰণী ভূমিকা লোৱা বাবে ‘শৰ্মাচাৰকে অশেষ অশেষ অশেষ ধন্যবাদ’ জনালে ৷

নাতিদূৰৰ বিধাননগৰৰ পৰা মাতি অনা ফটোগ্ৰাফাৰজনে অনুষ্ঠানৰ শেষ ফটোখন ল’লে ৷

সেই ফটোখন আজিও স্মৃতিৰ উমাল পৰশ লৈ কাগজ-প্লাষ্টিকৰ এলবামৰ লগতে মোৰ হৃদয়ৰ এলবামতো সযতনে ৰখা সাঁচতীয়া ধন হৈ নিগাজীকৈ বহি আছে ৷

*********************